About Our School


পোন প্ৰথমে অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ সকলো শুভাকাংক্ষী ৰাইজলৈ নমস্কাৰ জনাইছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে, ফিল’বাৰী অঞ্চলৰ ১৫(পোন্ধৰ) খন ব্যক্তিগত, অপ্ৰাদেশীকৃত তথা প্ৰাদেশিকৃত উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত অৰুণোদয় এনে এখন বুজন সংখ্যক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় য’ত চলিত বৰ্ষত ৬৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি আছে। উপযুক্ত আন্তঃগাঠনি থকা এই বিদ্যালয়খনত ১৬ (ষোল্ল) গৰাকী শিক্ষাগুৰুৱে আন্তৰিকতাৰে আধুনিক প্ৰযুক্তিবিদ্যাৰ দ্বাৰা উন্নতমানৰ শিক্ষাদান কৰি আছে। বিদ্যালয়ৰ সন্মুখৰ সুবিশাল খেলপথাৰখনত নিয়মিতভাৱে ছাত্ৰ-ছাত্ৰীসকলক ফুটবল, ভলীবল, কাবাদী, খ’খ’, হেণ্ডবল, লংজাম্প, হাইজাম্প, দৌৰ আদি বিভিন্ন খেল physical Instructorৰ যোগেদি অনুশীলন কৰোৱা হয়। যাতে শিক্ষাৰ্থীৰ নিজস্ব ক্ষমতা অনুযায়ী বিকশিত হোৱাত সহায় কৰে। এনে পৰিৱেশৰ বাবেই কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ফুটবল আৰু কাবাদী খেলত ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈৰ সন্মান বুটলিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি নিয়মিত ভাৱে উচ্চ প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলক NCC ৰ ড্ৰিল আৰু যোগাসন কৰোৱা হয়। আন্তঃবিভাগৰ বিভিন্ন সহপাঠ্যক্ৰমিক কাৰ্যাৱলী, যেনে কুইজ, তৰ্ক, নৃত্য, গীত আদিৰ লগতে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে বৰ আগ্ৰহেৰে খেলি থকা দবা খেল ও নিয়মিত ভাৱে অনুশীলন কৰা হয়। বৰ্তমান দেশ তথা ৰাজ্যত ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ যি শৰাধ চলিছে তেনে অৱস্থাত যথেষ্ট প্ৰত্যাহ্বানৰ মাজেদি এই বিদ্যালয়খনিৰ সন্মান অটুট ৰাখি ৰাজ্যৰ ভিতৰতে এখন আগশাৰীৰ বিদ্যালয়ৰ মানদণ্ডত গঢ় দিয়াৰ সংকল্পৰে আমি অৰুণোদয় পৰিয়ালে সকলো শুভাকাংশী ৰাইজৰ পৰা গঠনমূলক দিহা-পৰামৰ্শ কামনা কৰিলোঁ। আশা কৰিছো আমাৰ সপোনক সাকাৰ ৰূপ দিয়াত আপোনালোকে সকলোপ্ৰকাৰে অৰিহণা যোগাব।

Vision, Mission and Goal


➥ এখন আদৰ্শ বিদ্যালয় বা প্ৰত্যেকখন বিদ্যালয়ৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে। যি লক্ষ্য, উদ্দেশ্যকেই সাৰোগত কৰি বিদ্যালয়খনে প্ৰতিজন শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশ সাধনৰ লগতে এজন সমাজ সচেতন ব্যক্তি ৰূপে গঢ় দিবলৈ দায়বদ্ধ। ঠিক তেনে এক মহৎ উদ্দেশ্য আগত ৰাখিয়েই আমি অৰুণোদয় পৰিয়ালেও কিছুমান দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী আঁচনি গ্ৰহণ কৰিছোঁ ‌।
➥ শিক্ষাৰ্থীক পাঠ্যক্ৰমিক আৰু সহপাঠ্যক্ৰমিক ক্ৰিয়াকলাপৰ জৰিয়তে সকলো দিশৰ বিকাশ সাধন কৰাৰ লগতে সামাজিক দায়বদ্ধতাৰ বিষয়ত পৰিপক্ক কৰি তোলা হ’ব।
➥ শিক্ষাৰ্থীক ধাৰাবাহিক পৰিমাপ পত্ৰৰ যোগেদি তেওঁলোকৰ ক্ৰমবিকাশৰ ৰেখাচিত্ৰত দৃষ্টি প্রদান কৰাৰ লগতে তেওঁলোকৰ ব্যক্তি ভিন্নতাৰ ওপৰত সময়োপযোগী ব্যৱস্থা লোৱা হ’ব।

Amenities and Infrastructure


➥ ১৮টা শ্ৰেণী কোঠা।
➥ প্ৰধান শিক্ষকৰ কাৰ্য্যালয়।
➥ শিক্ষকৰ কমনৰুম।
➥ এটা কম্পিউটাৰ কোঠা।
➥ ১০টা কম্পিউটাৰৰ লগতে ৩টা প্ৰজেক্টৰ।
➥ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে এটা পুথিভঁৰাল।
➥ এটা পৰীক্ষাগাৰ।
➥ বিদ্যালয় প্ৰাংগনত এখন খেলপথাৰ।
➥ বিদ্যালয় প্ৰাংগনত এখন বাগিছা।
➥ মধ্যাহ্ন ভোজন আৰু অন্যান্য ৰন্ধন কাৰ্যৰ বাবে ১টা ৰান্ধনী ঘৰ।
➥ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা চাইকেল ষ্টেণ্ড।
➥ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে ৰাণিং ৱাটাৰৰ ব্যৱস্থা।

ঠিকনা


অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়
গাওঁ – পদুমপথাৰ,
ডাক – অৰুণোদয়,
থানা – ফিল’বাৰী,
জিলা – তিনিচুকীয়া,
অসম,
পিন নং – ৭৮৬১৬০
ফোন নং – +৯১ ৯৬৭৮৫৫৬৯৩৪
ই-মেইল – Arunodoy1234@gmail.com (Office)

Address


ARUNODOY HIGH SCHOOL
Village : Padumpather,
P.O : Arunodoy,
P.S : Phillobari,
Dist : Tinsukia,
Assam,
PIN – 786160,
Phone : +91 9678556934 (Head)
E-mail : Arunodoy1234@gmail.com (Office)

WEBSITE UNDER DEVELOP || © Arunodoy High School, 2021
support@arunodoyphillo.com