অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়


এখন শিক্ষানুষ্ঠানে এটা অঞ্চলৰ শিক্ষাৰ ভেঁটি স্থাপন কৰে। তিনিচুকীয়া জিলাৰ পূৱপ্ৰান্তৰ, চাহনগৰী ডুমডুমাৰপৰা প্ৰায় বিশ কিলোমিটাৰ দূৰত্বত অৱস্থিত ফিল’বাৰীত, অৰুণোদয় হাইস্কুল এনে এখন প্ৰাদেশীকৃত বিদ্যালয় যিয়ে ১৯৭৯ চনৰপৰা অঞ্চলটোত শিক্ষাৰ পোহৰ বিলাই আহিছে। সমাজকৰ্মী স্বৰ্গীয় প্ৰণৱ কুমাৰ ফুকনদেৱৰ নেতৃত্বত তথা স্থানীয় ৰাইজৰ সহযোগত এই অনুষ্ঠানটিৰ প্ৰতিষ্ঠা হয়। প্ৰথম অৱস্থাৰপৰা অধিক সংখ্যক ছাত্ৰ-ছাত্ৰী থকা এই বিদ্যালয়খনে বহুতো ঘাত-প্ৰতিঘাতৰ মাজেৰে ৪২ (বিয়াল্লিছ) টা বছৰ অতিক্ৰম কৰিছে। জন্মলগ্নৰে পৰা বৰ্তমানলৈকে বিদ্যালয়খনে বহুতো মানৱসম্পদৰ সৃষ্টি কৰি আহিছে। চলিত বৰ্ষত প্ৰথম শ্ৰেণীৰপৰা দশম শ্ৰেণীলৈ মুঠ ৬৩৬ গৰাকী ছাত্ৰ-ছাত্ৰী থকা এই বিদ্যালয়খনত ১৬ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীয়ে শিক্ষকতা কৰি আছে। বৰ্তমান চৰকাৰী তথা আন উৎসৰপৰা অহা অনুদানৰ যোগেদি বিদ্যালয়ৰ আন্তঃগাঠনি যথেষ্ট উন্নত হোৱাৰ বাবে শিক্ষাগুৰুসকলে ICTৰ যোগেদি Smart Classroom ত শিক্ষাদান কৰিব পাৰে। কম্পিউটাৰৰ যোগেদি SEBA ৰ পাঠ্যক্ৰম অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰাৰ উপৰিও তেওঁলোকক কম্পিউটাৰৰ ব্যৱহাৰিক দিশ সমূহো শিকোৱা হয় ।

News & Notification


➥ Photograph
    Jan 29, 2022
➥ Online Art Competition
    Jan 22, 2022
➥ Message from the IS
    Jan 22, 2022


বিতুপন হাজৰিকা, এ ই এচ
বিদ্যালয় সমূহৰ পৰিদৰ্শক

অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ কর্তৃপক্ষই মুকলি কৰা ৱেবচাইট - www.arunodoyphillo.com ৰ যোগেদি বিদ্যালয়ৰ সকলো দিশ প্ৰতিফলিত কৰিবৰ বাবে যি প্ৰয়াস কৰিছে তাৰ বাবে অৰুণোদয় পৰিয়াল ধন্যবাদৰ পাত্ৰ। আশা কৰো পৰিবৰ্তিত শিক্ষা ব্যৱস্থাত এনে ধৰণৰ পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলৰ সকলো দিশৰ প্ৰতিভা বিকাশত মুখ্য ভূমিকা লব। বিশেষকৈ গ্ৰাম্যাঞ্চলৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে সংলগ্ন কৰা অসমীয়া আৰু ইংৰাজী দৈনিক কাকতসমূহৰ ই-সংস্কৰণৰ যোগেদি জ্ঞান আহৰণ কৰাৰ সমান্তৰালভাৱে মাহেকীয়া ই-আলোচনীখনত নিজৰ বৌদ্ধিক চিন্তাক বিকশিত কৰাৰ সুযোগ পাব। বিদ্যালয় কৰ্তৃপক্ষৰ উচ্চাভিলাষী চিন্তা-চেতনাই স্থায়িত্ব লাভ কৰাৰ লগতে অনুস্থানটি ৰাজ্যৰ ভিতৰতে এক অন্য্তম বাটকটীয়া প্ৰতিস্থান হিচাপে স্বীকৃতি পাওঁক তাৰ কামনাৰে এই শুভ-বাৰ্তা প্ৰেৰণ কৰিলোঁ।

বিতুপন হাজৰিকা, এ ই এচ, বিদ্যালয় সমূহৰ পৰিদৰ্শক
তিনিচুকীয়া জিলা সংমণ্ডল, তিনিচুকীয়া, অসম।



স্বৰ্গীয় প্ৰণৱ কুমাৰ ফুকন
প্ৰতিষ্ঠাপক প্ৰ্ৰধান শিক্ষক

সমাজৰ হিতাৰ্থে প্ৰতিষ্ঠা হোৱা ৰাজহুৱা অনুস্থানবোৰ বহুতো ত্যাগী মানুহৰ প্ৰচেষ্টাতহে গঢ় লৈ উঠে। ফিল'বাৰীৰ অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয় তেনে কিছুমান ব্যক্তিৰ সহায়-সহযোগিতাত ১৯৭৯ চনত গঢ় লৈ উঠিছিল।   জন্মলগ্নৰপৰা জড়িত স্বৰ্গীয় প্ৰণৱ কুমাৰ ফুকনক, সমাজকৰ্মী স্বৰ্গীয় যতীন ৰাজপুত ডাঙৰীয়াই ১৯৭৯ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত অৰুণোদয় বিদ্যালয়খন পাতিবৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। তেখেতৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ পিছতে বিদ্যালয় গৃহ বিচৰা কাম আৰম্ভ হ'ল। তেওঁলোকে অস্থায়ীভাৱে কাম চলাবৰ বাবে ফিল'বাৰী চাহ বাগিছাৰ ক্লাব ঘৰটো ব্যৱহাৰ কৰে। সপ্তাহৰ ৰবিবাৰৰ দিনটোতে যিহেতু ক্লাবঘৰটো খোলে সেয়ে বাগিছাৰ পৰিচালক মাননীয় মহচিন আলি ডাঙৰীয়াই ক্লাব ঘৰটো ব্যৱহাৰৰ অনুমতি প্ৰদান কৰে আৰু ফেব্ৰুৱাৰী মাহৰ ২২ তাৰিখৰ পৰা বিদ্যালয়ত পাঠদান আৰম্ভ হৈছিল।



নিত্যানন্দ চাংমাই
প্ৰধান শিক্ষক

এখন শিক্ষানুষ্ঠানে এটা অঞ্চলৰ শিক্ষাৰ ভেঁটি স্থাপন কৰে। তিনিচুকীয়া জিলাৰ পূৱপ্ৰান্তৰ, চাহনগৰী ডুমডুমাৰপৰা প্ৰায় বিশ কিলোমিটাৰ দূৰত্বত অৱস্থিত ফিল’বাৰীত, অৰুণোদয় হাইস্কুল এনে এখন প্ৰাদেশীকৃত বিদ্যালয় যিয়ে ১৯৭৯ চনৰপৰা অঞ্চলটোত শিক্ষাৰ পোহৰ বিলাই আহিছে। সমাজকৰ্মী স্বৰ্গীয় প্ৰণৱ কুমাৰ ফুকনদেৱৰ নেতৃত্বত তথা স্থানীয় ৰাইজৰ সহযোগত এই অনুষ্ঠানটিৰ প্ৰতিষ্ঠা হয়।

WEBSITE UNDER DEVELOP || © Arunodoy High School, 2021
support@arunodoyphillo.com